মুখ্য পৃষ্ঠা
06/04/25
14:26
•অসীমত যাৰ হেৰাল সীমা-২•
শব্দ পৃথিৱীৰ সিপাৰে হেৰাল ,
মোৰ আপোন পিতাই
ৰৈ গ'ল আত্মা মোৰ বুকুৰ চোতালত ।
আক্ষেপ ৰল মৰমৰ ,
শূন্য হ'ল মোৰ উৰুখা পজা ।
আই কপাল উকা হ'ল ,
বগা সাজৰ চিনাকি ৰল ।
মৃত্যু ধুমুহাই উৰুৱাই নিলে ,
মোৰ ল'ৰালিৰ ধেমালি ।
শৈশৱৰ সোণোৱালী দিন ,
কবৰ হ'ল সিপাৰত ।
চিতাৰ জুইত জ্বলি গ'ল ,
মোৰ জীৱনৰ সপোন ।
দুৰ্ভীক্ষতাৰ কবলত সুখ বোৰ উৰি গ'ল ,
পুৱাৰ সূৰুযে দিয়া মিঠা অনুভৱ
আন্ধাৰৰ চাকনৈয়াত চিৰদিন বন্দী হ'ল ।
প্ৰাপ্তিৰ আশাত যৌৱন ,
প্ৰেমৰ পূজাত পংগু হৈ ৰ'ল ।
জীৱনৰ মমতা আঁকি ,
হাঁহি মোৰ স্বহীদ হ'ল !
অৰ্থৰ অভাৱে , জীৱনক দুখৰ নেওঁতা শিকালে ।
পদূলিৰ শেৱালী , বিৰহে গচকি ভাঙিলে ।
___ৰাজু কলিতা
16/06/14